Posts

লুইত : অদিতী তাঁতী

Image
লুইতৰ বুকুৱেদি বৈছে বহু আশা প্ৰত্যাশাৰ হেজাৰ হেজাৰ চকুলো ধুনীয়াকৈ সাজি থোৱা ঘৰৰ ছালখনো  আজি প্ৰিয় হৈ পৰিছে লুইতৰ বুকুত অশ্ৰু নিগৰিছে ক'ত জনৰ  কাৰোবাৰ কপালখনে উকা হৈ পৰিছে। ভৰ লুইতৰ যৌৱনতাই এতিয়া একো নমনা হৈছে কাতৰ প্ৰাৰ্থনা নুশুনে  কাৰোৰে দুখৰ ভাগি হ'ব নোৱাৰে তেওঁ আপোন পাহৰে লুইতৰ উঠন বুকুৱেদি বৈছে ভূপেন হাজৰিকা দেৱৰ গান  লুইতে মোৰ পৰ, লুইতে মোৰ ঘৰ, লুইতে যে ভাঙে গড়ে সপোন মৰমৰ। আমাৰ সকলোৰে প্ৰিয়  আমাৰ সকলোৰে আপোন আমাৰ ব্ৰহ্মপুত্ৰ, কিন্তু এতিয়া ভাবিবলৈ সময় নাই কাৰণ যৌৱনাতাই বৰকৈ আমনি কৰিছে সেয়েহে লগৰীয়া লৈ দলে বলে বাট লৈছে। কেতিয়াবা ৰাস্তাৰ দাঁতি খনো প্ৰিয় হৈছে  সকলো মহতিয়াই যাবলৈ বাট বুলিছে  কাৰণ তেওঁলোকৰ হেনো পলম হৈছে জনতাৰ কান্দোন নুশুনে, চিঞৰ নুশুনে  এতিয়া আৰু একো নাই আপোন গাওঁ খনো প্ৰিয় হ'ল সকলো তেওঁৰে হ'ল এতিয়া হেৰুৱাৰ যন্ত্ৰনাই বৰকৈ আমনি কৰিছে লুইত তই সুখী হ' সুখী হ'।।